ASSAM

নৱেম্বৰৰ পৰাই বৃদ্ধি পাব বিদ্যুৎ বিল! APDCLৰ ১৫৫.৫৯ কোটি টকাৰ সংগ্ৰহক লৈ চৰ্চা

ৰাজ্যিক • ৫ নৱেম্বৰ • ২০২৬

চৰকাৰক সমালোচনা গৌৰৱ গগৈৰ

নৱেম্বৰ মাহৰ পৰাই ৰাজ্যত বিদ্যুৎ বিলৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনাক লৈ গ্ৰাহকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। APDCLৰ ১৫৫.৫৯ কোটি টকা সংগ্ৰহ কৰিবলৈ বাকী থকাৰ প্ৰসংগই এই বিষয়টোক পুনৰ চৰ্চালৈ আনিছে। বিদ্যুৎ বিল বৃদ্ধিৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্তক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। তেওঁ কয়, ‘অসমবাসীক দীপাৱলীৰ উপহাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই।’ লগতে বিজেপি চৰকাৰে পুনৰ এবাৰ বিদ্যুৎ গ্ৰাহকসকলৰ মূৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়া বুলিও অভিযোগ কৰে।

গৌৰৱ গগৈৰ ভাষ্যমতে, নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে প্ৰথমে বিভিন্ন বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত সেই আঁচনিসমূহৰ আৰ্থিক বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া হয়। আনহাতে, আদানিৰ দৰে বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাত চৰকাৰ অধিক গুৰুত্ব দিয়া বুলিও তেওঁ সমালোচনা কৰে।

তেওঁৰ অভিযোগ অনুসৰি, সাধাৰণ জনতাৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি কৰাৰ বিপৰীতে বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰাই বৰ্তমান চৰকাৰখনৰ অগ্ৰাধিকাৰ হৈ পৰিছে।

ইফালে, বিদ্যুৎ বিল বৃদ্ধিৰ সম্ভাৱনাই ইতিমধ্যে সাধাৰণ গ্ৰাহকৰ মাজত উদ্বেগ সৃষ্টি কৰিছে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত বিদ্যুতৰ খৰচ বৃদ্ধি হ’লে পৰিয়ালসমূহৰ মাহিলি ব্যয়ত অতিৰিক্ত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। অৱশ্যে, বিল বৃদ্ধিৰ সঠিক হাৰ আৰু ইয়াৰ কাৰ্যকৰী পদ্ধতি সন্দৰ্ভত APDCLৰ আনুষ্ঠানিক স্পষ্টীকৰণৰ অপেক্ষা কৰা হৈছে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button