অৱসৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

আন্তঃৰাষ্ট্ৰীয় • ৫ নৱেম্বৰ • ২০২৬
আন্তৰ্জাতিক খেলপথাৰত দুভৰিৰ ছন্দ স্তব্ধ
বিশ্বৰ সৰ্বশক্তিমান সৰ্বশ্ৰেষ্ঠ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ললে অৱসৰ।
৫ নৱেম্বৰত ইনষ্ট্ৰাগামত দিয়া এটা ভিডিঅৰ জৰিয়তে আন্তজাৰ্তিক ফুটবল পৃথিৱীৰ পৰা নিজকে অৱসৰ ঘোষণা কৰে।
নামী- দামী , কিন্তু,তেনেই সহজ সৰল ৰোণাল্ডোৱে ২৩ বছৰ দীঘলীয়া আন্তজাৰ্তিক কেৰিয়াৰত পৰ্টুগালৰ জাৰ্চিত ২০৪ খন মেচ খেলে। গ’ল দি ১৪৬ ।
পৰ্টুগালক বিশ্ব ফুটবলত সিংহৰ দৰে জীয়াই থাকিবলৈ শিকালে ৰোণিল্ডোৱে। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নেতৃত্বতে দুই হাজাৰ ষোল্ল চনত প্ৰথমবাৰ ইউৰোপীয়ান চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হৈছিল পটুৰ্গাল । ইয়াৰোপৰিও ২০১৯ আৰু ২০২৫ চনত উৱেফা নেচনচ লীগৰ খিতাপ আৰ্জিছিল পৰ্টুগালে।

ৰোণাল্ডোৰ বিশ্ব ফুটবলৰ ইতিহাসৰ সবাতোকৈ সোণালী সময় পাৰ হৈছে বিশ্বকাপ ফুটবলত । পৰ্টুগালৰ জাৰ্চিতে বিশ্ব ফুটবলৰ ৫ টাকৈ ৰেকৰ্ড গঢ়ি থৈছে ৰোণাল্ডৱে। লক্ষণীয় যে, মুঠ ছয়টি বিশ্বকাপ খেলাৰ ৰেকৰ্ড গঢ়িছে বিশ্ব ফুটবলৰ হাৰ্টথ্ৰবে।
২০০৬, ২০১০,২০১৪,২০১৮,২০২২, আৰু ২০২৬ৰ ফিফা বিশ্বকাপৰ পৰ্টুগালৰ হৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ফিফা বিশ্বকাপত সাতাইশ খন মেচত মুঠ ১১ টা গল দিবলৈ সক্ষম হৈছে ৰোণাল্ডোৱে। ইয়াৰোপৰি ,ফিফা বিশ্বকাপৰ প্ৰত্যেকটো সংস্কৰণত গল দিয়া একমাত্ৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো। ৰোণাল্ডোৰ বৰ্ণাঢ্য কেৰিয়াৰক উচিত সন্মান প্ৰদান কৰি পৰ্টুগালে আয়োজন কৰে , বিশাল সম্বৰ্ধনা সভা। ৰোণাল্ডোৱে কয় ,” দেশৰ পতাকাখনেই আজীৱন মোৰ আৱেগ হৈ থাকিব।”
মনকৰিবলগীয়া যে, আন্তজাৰ্তিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও দুভৰিৰ ছন্দ স্তব্ধ নহয় ৰোণাল্ডোৰ। ছৌদি আৰবৰ ক্লাব আল নাচৰৰ সৈতে ক্লাব ফুটবল খেলি যাব ৰোণাল্ডোৱে।
News Desk | People’s TV
