ASSAM

বিপৰ্যস্ত গৰিমা !

আজি উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গ’ল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ

ৰাজ্যিক • গুৱাহাটী • ৫ নৱেম্বৰ ২০২৬

জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ এবছৰ পাছত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ পৰে গৰিমাক।

কাৰণ, যোৱা এটা বছৰত জুবিন গাৰ্গ ন্যায়ৰ প্ৰশ্নত বহু হতাশজনক নেতিবাচক পৰিস্থিতিৰ মুখামুখি হৈ আছিল জুবিন পত্নী।

ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হোৱাৰ পাছত বহু অসমীয়াৰ দৰেই হয়তো গৰিমা গাৰ্গেও জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত দেখিছিল কিছু যোগাত্মক আশা আৰু সম্ভাৱনা।ইজনৰ পিছত সিজন সাক্ষীবাদী য়ে সাক্ষী দি যোৱাৰ পৰিপ্ৰেক্ষিতত আশা কৰা হৈছিল যে জুবিন গাৰ্গে ন্যায় পোৱাত কোনো ধৰি ৰাখিব নোৱাৰে।

কিন্তু, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন লাভৰ পিছতে কথাবোৰ যেন ভবাৰ দৰে হৈ থাকে। জুবিন অনুৰাগীৰ ক্ষোভ আৰু তীব্ৰ সন্দেহে জুবিন ন্যায়ৰ ক্ষেত্ৰত স্তৰে স্তৰে উত্থাপন হ’ল প্ৰশ্ন।


এনে, বহু প্ৰশ্নৰ মাজত জুবিন পত্নী গৰিমা গাৰ্গকো লোৱা হ’ল ঘেৰি। জুবিনৰ মৃত্যুৰ ন্যায় পৰ্ব আৰম্ভ হোৱাৰ পৰাই অভিযুক্তৰ সপক্ষে নানান যুক্তি প্ৰদান কৰা কেইবাটাও চৰিত্ৰ ই সমালোচনাৰ নামত গৰিমা গাৰ্গক মানসিক নিৰ্যাতন দি আহিছে।

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ পাছত মানসিক হাৰাশাস্তি কৰা ব্যক্তিৰ সংখ্যা যেন দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে।

শেহতীয়াকৈ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উচ্চতম ন্যায়ালয়ত জামিন প্ৰায় নিশ্চিত বুলি প্ৰচাৰ হোৱাৰ পাছত জুবিন পত্নী গৰিমা গাৰ্গক জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে বিভিন্নজনে। গৰিমা গাৰ্গৰ “আস্থা আৰু বিশ্বাস” শব্দ দুটাই জুবিনক ন্যায় নিদিয়ে বুলি সামাজিক মাধ্যমত মন্তব্য কৰি প্ৰশ্ন সুধিলে গৰিমাক ।

গৰিমা গাৰ্গ উচ্চতম ন্যায়ালয় নাযায় কিয়?
আনহাতে, অখিল গগৈয়ে জুবিন ন্যায় সন্দৰ্ভত ৰাজহুৱা সভা পাতি জুবিন গাৰ্গৰ ন্যায় আন্দোলনত নেতৃত্ব ল’বলৈ আহ্বান জনায় গৰিমাক। এফালে জুবিন গাৰ্গৰ ন্যায়ৰ অভিযোগকাৰী হিচাপে ন্যায়ালয়ৰ প্ৰতি দ্বায়বদ্ধতা, আনফালে জুবিন ন্যায়ৰ দাবী স- জোৰে উত্থাপন কৰি পৰিৱেশ তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা – কোনফালে যাব জুবিন পত্নী গৰিমা?

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button