ASSAM

সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনক লৈ গোলাঘাটত সংবাদ মেল

৩০ নৱেম্বৰত ভোটগ্ৰহণ, ৩ ডিচেম্বৰত ভোটগণনা

ৰাজ্যিক • গোলাঘাট • ৪ নৱেম্বৰ ২০২৬

সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন ২০২৬ক কেন্দ্ৰ কৰি আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়। দুপৰীয়া ১২ বজাত কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত সংবাদ মেলত জিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে।

সংবাদ মেলত নিৰ্বাচনৰ প্ৰস্তুতি, ভোটগ্ৰহণ প্ৰক্ৰিয়া, নিৰ্বাচনী আচৰণ বিধি আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিতং তথ্য দাঙি ধৰা হয়। নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে।

উল্লেখ্য যে, অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব। পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান প্ৰক্ৰিয়া চলিব।

গোলাঘাট জিলাত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দুটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৮,০৩৭ গৰাকী আৰু ভোটকেন্দ্ৰৰ সংখ্যা ২০টা। আনহাতে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ তিনিটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৪৭,৬৪৪ গৰাকী আৰু ভোটকেন্দ্ৰৰ সংখ্যা ৭৭টা।

নিৰ্বাচনী সূচী অনুসৰি, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১০ নৱেম্বৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৬ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সীমা ২ লাখ টকা ধাৰ্য কৰা হৈছে। আজিৰ সংবাদ মেলত জিলাখনৰ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button