HEALTHINTERNATIONAL

কৰ্কট ৰোগৰ আঁৰত কি কি কাৰণ? WHO-ৰ গৱেষণাত পোহৰলৈ আহিল ৫টা গুৰুত্বপূৰ্ণ তথ্য

আন্তঃৰাষ্ট্ৰীয় • স্বাস্থ্য আৰু বিজ্ঞান • ১৬ নৱেম্বৰ ২০২৬

CANCER CASES RISING WORLDWIDE: বিশ্বজুৰি কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধিৰ আঁৰত কি কি কাৰণ? পাঁচটা বিপদজনক কাৰকৰ বিষয়ে জানক :

২০৫০ চনৰ ভিতৰত বৃদ্ধি পাব নেকি কৰ্কট ৰোগীৰ সংখ্যা?

কৰ্কট ৰোগ বা কেন্সাৰ বৰ্তমান বিশ্বৰ অন্যতম গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব অগ্ৰগতি, উন্নত চিকিৎসা পদ্ধতি আৰু নতুন নতুন ঔষধৰ আৱিষ্কাৰৰ পাছতো বিশ্বজুৰি কৰ্কট ৰোগৰ বোজা ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰততো প্ৰতিবছৰে লক্ষাধিক লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কেৱল বয়স বৃদ্ধিয়েই নহয়, বৰ্তমানৰ জীৱনশৈলী, খাদ্যাভ্যাস, ধঁপাত সেৱন, বায়ু প্ৰদূষণ আৰু পৰিৱেশগত কাৰকেও কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰাত ভূমিকা পালন কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ইয়াৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় কৰ্কট গৱেষণা সংস্থা (IARC)-ৰ গৱেষণাই দেখুৱাইছে যে কৰ্কট ৰোগৰ বহুতো কাৰক প্ৰতিৰোধযোগ্য। অৰ্থাৎ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন আৰু স্বাস্থ্য সচেতনতাৰ জৰিয়তে কৰ্কট ৰোগৰ একাংশ ঘটনা হ্ৰাস কৰাটো সম্ভৱ। কিন্তু প্ৰকৃততে কি কি কাৰকে এই ৰোগৰ আশংকা বৃদ্ধি কৰিছে? জানো আহক পাঁচটা গুৰুত্বপূৰ্ণ কাৰকৰ বিষয়ে।

কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰা পাঁচটা মুখ্য কাৰণ :

১. ধঁপাত আৰু ধূমপানৰ আসক্তি
কৰ্কট ৰোগৰ অন্যতম প্ৰধান প্ৰতিৰোধযোগ্য কাৰক হৈছে ধঁপাত সেৱন। চিগাৰেট, বিড়ি, গুটখা, জৰ্দা, খৈনী আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই শৰীৰৰ কোষৰ DNA-ৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ ফলত হাওঁফাওঁ, মুখগহ্বৰ, ডিঙি, খাদ্যনলী আৰু আন বিভিন্ন অংগত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।
কেৱল প্ৰত্যক্ষ ধূমপানেই নহয়, আনৰ ধোঁৱাৰ সংস্পৰ্শলৈ অহা লোকসকলো স্বাস্থ্যজনিত বিপদৰ সন্মুখীন হ’ব পাৰে। দীৰ্ঘদিন ধৰি ধঁপাত সেৱন কৰি থকাটো কৰ্কট ৰোগৰ এক গুৰুতৰ বিপদসংকেত।

২. অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু প্ৰচেছড খাদ্য
বৰ্তমানৰ ব্যস্ত জীৱনত ফাষ্ট ফুড, পেকেটজাত খাদ্য, অধিক নিমখযুক্ত খাদ্য আৰু প্ৰচেছড মাংসৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। কিন্তু এনে খাদ্য নিয়মিত আৰু অধিক পৰিমাণে গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনস্থ IARC-ৰ মতে, ছ’চেজ, হেম, বেকন আৰু অন্যান্য প্ৰচেছড মাংস কৰ্কট ৰোগ সৃষ্টিকাৰী হিচাপে শ্ৰেণীভুক্ত। বিশেষকৈ ইয়াৰ সৈতে বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ সম্পৰ্কৰ বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে। আনহাতে, অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য গ্ৰহণৰ ফলত মেদবহুলতাৰ আশংকা বৃদ্ধি পায়, যিটোও কৰ্কট ৰোগৰ এক গুৰুত্বপূৰ্ণ বিপদকাৰক।অৱশ্যে ,সকলো পেকেটজাত খাদ্য বা খাদ্য সংৰক্ষক পদাৰ্থই কৰ্কট ৰোগ সৃষ্টি কৰে বুলি কোৱাটো বৈজ্ঞানিকভাৱে শুদ্ধ নহয়।

৩. বায়ু প্ৰদূষণ আৰু পৰিৱেশৰ বিষাক্ত উপাদান
বায়ু প্ৰদূষণ বৰ্তমান সময়ত কৰ্কট ৰোগৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱেশগত কাৰক হিচাপে বিবেচিত হৈছে। যান-বাহনৰ ধোঁৱা, উদ্যোগ-কাৰখানাৰ নিৰ্গমন, কয়লা আৰু অন্যান্য ইন্ধন জ্বলোৱাৰ ফলত বায়ুমণ্ডলত বিভিন্ন ক্ষতিকাৰক পদাৰ্থ মিহলি হয়।
বিশেষকৈ PM2.5 নামৰ অতি সূক্ষ্ম ধূলিকণাই শ্বাস-প্ৰশ্বাসৰ জৰিয়তে হাওঁফাওঁৰ গভীৰ অংশলৈ প্ৰৱেশ কৰিব পাৰে। দীৰ্ঘদিন এনে প্ৰদূষিত বায়ুৰ সংস্পৰ্শত থাকিলে হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।
কেৱল বাহিৰৰ বায়ু প্ৰদূষণেই নহয়, ৰন্ধনশালাৰ ধোঁৱা, কয়লা বা কাঠৰ দৰে ইন্ধনৰ ব্যৱহাৰ আৰু কৰ্মস্থলীৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শও স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে।

৪. মেদবহুলতা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু মদ্যপান
আধুনিক জীৱনশৈলীত শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, দীঘলীয়া সময় বহি কাম কৰা আৰু নিয়মিত ব্যায়াম নকৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হৈ মেদবহুলতাৰ সৃষ্টি হ’ব পাৰে।
মেদবহুলতাৰ সৈতে স্তন, বৃহদান্ত্ৰ, বৃক্ক, যকৃত আৰু জৰায়ুৰ কিছুমান কৰ্কট ৰোগৰ সম্পৰ্ক পোৱা গৈছে। ইয়াৰ উপৰি মদ্যপানেও মুখগহ্বৰ, ডিঙি, খাদ্যনলী, যকৃত আৰু স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।
নিয়মিত শাৰীৰিক ব্যায়াম, সুষম খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত ওজন বজাই ৰখাৰ জৰিয়তে এনে বিপদ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি।

৫. সংক্ৰমণ, ভাইৰাছ আৰু অতিবেঙুনীয়া ৰশ্মি
কৰ্কট ৰোগৰ আঁৰত কেৱল জীৱনশৈলীয়েই নহয়, কিছুমান সংক্ৰমণো দায়ী হ’ব পাৰে। হিউমেন পেপিলোমা ভাইৰাছ (HPV), হেপাটাইটিছ বি আৰু চি ভাইৰাছৰ সংক্ৰমণে ক্ৰমে জৰায়ুমুখৰ কৰ্কট আৰু যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ উপৰি Helicobacter pylori নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সৈতে পাকস্থলীৰ কৰ্কট ৰোগৰ সম্পৰ্ক আছে।
আনহাতে, সূৰ্যৰ অতিবেঙুনীয়া (UV) ৰশ্মিৰ সংস্পৰ্শত দীৰ্ঘসময় থাকিলে ছালৰ কোষৰ ক্ষতি হ’ব পাৰে আৰু ছালৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। সেয়ে অত্যধিক ৰ’দৰ পৰা ছালক সুৰক্ষিত ৰখা আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় প্ৰতিষেধক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।

বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনস্থ IARC-ৰ মতে, ছ’চেজ, হেম, বেকন আৰু অন্যান্য প্ৰচেছড মাংস কৰ্কট ৰোগ সৃষ্টিকাৰী হিচাপে শ্ৰেণীভুক্ত। বিশেষকৈ ইয়াৰ সৈতে বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ সম্পৰ্কৰ বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে। আনহাতে, অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য গ্ৰহণৰ ফলত মেদবহুলতাৰ আশংকা বৃদ্ধি পায়, যিটোও কৰ্কট ৰোগৰ এক গুৰুত্বপূৰ্ণ বিপদকাৰক।
অৱশ্যে সকলো পেকেটজাত খাদ্য বা খাদ্য সংৰক্ষক পদাৰ্থই কৰ্কট ৰোগ সৃষ্টি কৰে বুলি কোৱাটো বৈজ্ঞানিকভাৱে শুদ্ধ নহয়।

কৰ্কট ৰোগৰ আঁৰত কেৱল জীৱনশৈলীয়েই নহয়, কিছুমান সংক্ৰমণো দায়ী হ’ব পাৰে। হিউমেন পেপিলোমা ভাইৰাছ (HPV), হেপাটাইটিছ বি আৰু চি ভাইৰাছৰ সংক্ৰমণে ক্ৰমে জৰায়ুমুখৰ কৰ্কট আৰু যকৃতৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ উপৰি Helicobacter pylori নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সৈতে পাকস্থলীৰ কৰ্কট ৰোগৰ সম্পৰ্ক আছে।
আনহাতে, সূৰ্যৰ অতিবেঙুনীয়া (UV) ৰশ্মিৰ সংস্পৰ্শত দীৰ্ঘসময় থাকিলে ছালৰ কোষৰ ক্ষতি হ’ব পাৰে আৰু ছালৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। সেয়ে অত্যধিক ৰ’দৰ পৰা ছালক সুৰক্ষিত ৰখা আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় প্ৰতিষেধক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।

২০৫০ চনৰ ভিতৰত বৃদ্ধি পাব নেকি কৰ্কট ৰোগীৰ সংখ্যা?
বিশ্ব স্বাস্থ্য সংস্থাৰ ২০২৬ চনৰ ৩ ফেব্ৰুৱাৰীত প্ৰকাশিত WHO-IARC-ৰ এক বিশ্বব্যাপী বিশ্লেষণ অনুসৰি, ২০২২ চনত বিশ্বজুৰি নতুনকৈ ধৰা পৰা কৰ্কট ৰোগৰ প্ৰায় ৩৭ শতাংশ অৰ্থাৎ প্ৰায় ৭১ লাখ ঘটনা প্ৰতিৰোধযোগ্য কাৰকৰ সৈতে জড়িত আছিল। এই গৱেষণাত ১৮৫খন দেশৰ ৩৬ প্ৰকাৰৰ কৰ্কট ৰোগৰ তথ্য বিশ্লেষণ কৰা হৈছিল। ধঁপাত সেৱন, সংক্ৰমণ আৰু মদ্যপানক কৰ্কট ৰোগৰ অন্যতম প্ৰধান প্ৰতিৰোধযোগ্য কাৰক হিচাপে চিনাক্ত কৰা হৈছে।

আনহাতে, WHO-ৰ ২০২৪ চনৰ প্ৰকাশিত তথ্য অনুসৰি, ২০২২ চনত ভাৰতত আনুমানিক ১৪,৬১,৪২৭টা নতুন কৰ্কট ৰোগৰ ঘটনা পঞ্জীয়ন হৈছিল। বিশ্বজুৰি কৰ্কট ৰোগৰ বোজা বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থাকিলে ২০৫০ চনৰ ভিতৰত নতুন ৰোগীৰ সংখ্যা ৩.৫ কোটি অতিক্ৰম কৰাৰ আশংকা প্ৰকাশ কৰিছে সংস্থাটোৱে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button