গুৱাহাটীৰ সমীপৰ ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত; আহত কেইবাগৰাকীও যাত্ৰী

ৰাজ্যিক • ১১ নৱেম্বৰ • ২০২৬
DIGARU-TRAIN-ACCIDENT-SAIRANG-EXPRESS-ASSAM
অসমত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
মহানগৰী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ডিগাৰুত দুৰ্ঘটনাত পতিত হৈছে ছাইৰাং এক্সপ্ৰেছ।
মিজোৰামৰ পৰা কলকাতা অভিমুখে আহি থকা ৰে’লখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।
প্ৰাথমিক তথ্য অনুসৰি, ৰে’লখনৰ ব্ৰেক বিকল হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।
ইতিমধ্যে দুৰ্ঘটনাটোৰ ভয়ংকৰ দৃশ্যাংশ পোহৰলৈ আহিছে। দুৰ্ঘটনাৰ পাছৰ পৰিস্থিতিৰ দৃশ্য সামাজিক মাধ্যম আৰু বিভিন্ন মাধ্যমত চৰ্চালৈ আহিছে। ৰে’লখনত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনাটোত আহত হোৱা কেইবাগৰাকীও যাত্ৰীক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে।
ইফালে, ডিগাৰুৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ AGM ৰমেশ কুমাৰে। তেওঁ জানিবলৈ দিয়ে যে এই দুৰ্ঘটনাৰ পাছতো আন আন ৰে’লৰ চলাচল স্বাভাৱিক হৈ আছে। দুৰ্ঘটনাটোৰ বাবে ৰে’ল সেৱাত যাতে অধিক প্ৰভাৱ নপৰে, সেই দিশতো ৰে’ল কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিছে।
লগতে সমগ্ৰ ঘটনাৰ এক বিস্তৃত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰে AGM ৰমেশ কুমাৰে। তদন্তৰ জৰিয়তে দুৰ্ঘটনাৰ কাৰণ, ইয়াৰ পূৰ্বৰ পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে জড়িত আনুষংগিক দিশসমূহ পৰীক্ষা কৰা হ’ব। ৰে’লখনৰ ব্ৰেক ব্যৱস্থাত কোনো কাৰিকৰী বিজুতি আছিল নেকি, সেই দিশটোও তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা আৰু ৰে’ল সেৱাৰ নিৰাপত্তা ব্যৱস্থাক লৈ এই ঘটনাই পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। অৱশ্যে তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু দায়বদ্ধতাৰ বিষয়টো স্পষ্ট হ’ব।
বৰ্তমানলৈকে আহত যাত্ৰীৰ সঠিক সংখ্যা, তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু ৰে’লখনৰ ক্ষয়-ক্ষতিৰ পৰিমাণ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ পোৱা নাই। ৰে’ল কৰ্তৃপক্ষৰ পৰৱৰ্তী আনুষ্ঠানিক বিবৃতিৰ প্ৰতি অপেক্ষা কৰা হৈছে।
News Desk | People’s TV




