জাৰ্মানীৰ হ্ৰদৰ তলত উদ্ধাৰ ১০,৫০০ বছৰ পুৰণি কাঠৰ গাঁথনি, অক্ষত অৱস্থাই আচৰিত কৰিছে প্ৰত্নতত্ত্ববিদক

আন্তঃৰাষ্ট্ৰীয় • জাৰ্মানী • ১১ নৱেম্বৰ ২০২৬
10500-YEAR-OLD-WOODEN-STRUCTURE-FOUND-UNDER-LAKE-GERMANY
জাৰ্মানীৰ হ্ৰদৰ তলত উদ্ধাৰ ১০,৫০০ বছৰ পুৰণি কাঠৰ গাঁথনি।
হ্ৰদৰ গভীৰ তলত সুদীৰ্ঘ ১০,৫০০ বছৰ ধৰি পৰি আছিল এডাল বৃহৎ কাঠৰ গাঁথনি। হাজাৰ হাজাৰ বছৰ পানীৰ তলত থকাৰ পাছতো কাঠৰ গাঁথনিটো প্ৰায় অক্ষত অৱস্থাত উদ্ধাৰ হোৱাক লৈ এতিয়া আচৰিত হৈ পৰিছে প্ৰত্নতত্ত্ববিদসকল।
জাৰ্মানীৰ লেক আৰেণ্ডছি (Lake Arendsee)ৰ তলত উদ্ধাৰ হৈছে এই প্ৰাচীন কাঠৰ গাঁথনিটো। প্ৰায় ৬৫ ফুট গভীৰতাত উদ্ধাৰ হোৱা গাঁথনিটো দীঘলীয়া আকৃতিৰ আৰু ইয়াৰ এটা অংশ কিছু পৰিমাণে বেঁকা ধৰণে নিৰ্মাণ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, ই মধ্য প্ৰস্তৰ যুগৰ (Mesolithic Period) মানৱ সমাজৰ কাঠৰ কামৰ দক্ষতাৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন হ’ব পাৰে।
আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল, ১০,৫০০ বছৰ পানীৰ তলত থকাৰ পাছতো কাঠৰ গাঁথনিটোত বিশেষ পচন বা ক্ষয়ৰ চিন দেখা পোৱা হোৱা নাই। আনকি কাঠৰ ওপৰত থকা কাৰুকাৰ্যও যথেষ্ট ভাল অৱস্থাত আছে।
প্ৰত্নতত্ত্ববিদসকলৰ একাংশৰ অনুমান অনুসৰি, এই কাঠৰ গাঁথনিটো কোনো সৰু কাঠৰ ঘৰ অথবা বাসস্থানৰ অংশ হ’ব পাৰে। সম্ভৱতঃ ঘৰটোৰ কোনো এটা স্তম্ভ হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে গাঁথনিটোৰ প্ৰকৃত ব্যৱহাৰ সম্পৰ্কে এতিয়াও নিশ্চিত সিদ্ধান্তত উপনীত হোৱা নাই বিশেষজ্ঞসকল।
উদ্ধাৰ হোৱা গাঁথনিটোৰ সংৰক্ষণৰ ৰহস্য বিচাৰি গৱেষকসকলে হ্ৰদটোৰ তলদেশৰ ভূতাত্ত্বিক অৱস্থাৰ ওপৰতো অধ্যয়ন কৰিছে। তেওঁলোকৰ মতে, হ্ৰদটোৰ তলদেশত সাধাৰণভাৱে পলস জমা হৈ ডাঠ স্তৰ সৃষ্টি হোৱাৰ পৰিৱৰ্তে মাটিৰ তলভাগ ক্ৰমাৎ বহি গৈছে। ফলত কাঠৰ গাঁথনিটোৰ ওপৰত কেৱল এটা পাতল মাটিৰ স্তৰহে জমা হৈছিল।
এই পাতল পলসৰ স্তৰ আৰু হ্ৰদৰ তলদেশৰ বিশেষ পৰিৱেশে কাঠৰ গাঁথনিটো হাজাৰ হাজাৰ বছৰ ধৰি সংৰক্ষিত হৈ থকাত সহায় কৰা বুলি ধাৰণা কৰা হৈছে।
প্ৰত্নতত্ত্ববিদসকলে এতিয়া উদ্ধাৰ কৰা কাঠৰ গাঁথনিটোৰ ওপৰত অধিক পৰীক্ষা-নিৰীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে। এই আৱিষ্কাৰে মধ্য প্ৰস্তৰ যুগৰ মানুহৰ নিৰ্মাণ কৌশল, জীৱনশৈলী আৰু কাঠৰ ব্যৱহাৰ সম্পৰ্কে নতুন তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা সৃষ্টি কৰিছে।
News Desk | People’s TV