ASSAM

পাঠশালাত ‘আনন্দৰাম বৰুৱা একাডেমী ক্ৰিকেট লীগ-২০২৬’ৰ শুভাৰম্ভ, যুৱ ক্ৰিকেট প্ৰতিভাক প্ৰদান কৰিব নতুন মঞ্চ

ANANDARAM-BAROOAH-ACADEMY-CRICKET-LEAGUE-2026-BAJALI

ৰাজ্যিক • বজালী • ১১ নৱেম্বৰ ২০২৬

বজালীৰ পাঠশালাত ক্ৰীড়াৰ এক উৎসৱমুখৰ পৰিৱেশৰ মাজত শুভাৰম্ভ কৰা হয় নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ উদ্যোগত আয়োজিত ‘আনন্দৰাম বৰুৱা একাডেমী ক্ৰিকেট লীগ-২০২৬’।

নতুন ক্ৰীড়া প্ৰতিভাৰ সন্ধান, স্থানীয় খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ প্ৰদান আৰু অঞ্চলটোৰ ক্ৰিকেট ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰাৰ লক্ষ্যৰে এই লীগৰ আয়োজন কৰা হৈছে।

মঙলবাৰে পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমীৰ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বজালী জিলাৰ জিলা আয়ুক্ত মধুস্মিতা ভাগৱতী, বিশিষ্ট কণ্ঠশিল্পী তৰালি শৰ্মা আৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰ। ইয়াৰ উপৰি আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা ক্ৰিকেট লীগ পৰিচালনা সমিতিৰ মুখ্য পৃষ্ঠপোষক ড° ৰণজিৎ ডেকা, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু বহু ক্ৰীড়াপ্ৰেমী ৰাইজে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

উদ্বোধনী ভাষণত বিধায়ক ধৰ্মেশ্বৰ ৰয়ে কয় যে ক্ৰীড়াই যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ লগতে আত্মবিশ্বাস গঢ়ি তোলা আৰু শৃংখলাবোধ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে প্ৰতিযোগিতাই যুৱ খেলুৱৈসকলক নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰাৰ লগতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে, একাডেমীৰ ৰেক্টৰ ড° ৰণজিৎ ডেকাই কয় যে নতুন প্ৰতিভাৰ সন্ধান আৰু স্থানীয় খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদান কৰাই এই ক্ৰিকেট লীগৰ অন্যতম প্ৰধান উদ্দেশ্য। এই পদক্ষেপে বজালীৰ ক্ৰীড়া ক্ষেত্ৰখনক নতুন দিশ প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এনে এক ইতিবাচক ক্ৰীড়া পদক্ষেপ গ্ৰহণৰ বাবে উদ্যোক্তাসকলক প্ৰশংসা কৰে।

উল্লেখ্য যে, এই ক্ৰিকেট লীগে বজালী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে ভৱিষ্যতে বৃহত্তৰ ক্ৰীড়া মঞ্চত প্ৰতিষ্ঠা লাভৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে।

প্ৰতিবেদক: মৃন্ময় পাঠক
সংবাদকৰ্মী

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button