মক্কা চুক্তিক লৈ নতুন সমীকৰণ:পাকিস্তানৰ কূটনৈতিক অংকত আউল !

আন্তঃৰাষ্ট্ৰীয় • ১১ নৱেম্বৰ ২০২৬
ভাৰতৰ সৈতে শত্ৰুতা বঢ়াব নিবিচাৰে তুৰস্কই
পাকিস্তানক লৈ নতুন চৰ্চা
পাকিস্তানক এৰি ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ দিশে তুৰস্কই
ভাৰতৰ সৈতে শত্ৰুতা বঢ়াই বিপদত পৰিব কিয়?
পাকিস্তানক লৈ তুৰস্কৰ নতুন কূটনৈতিক ষড়যন্ত্ৰ ?ভাৰতৰ সৈতে শত্ৰুতা বঢ়াই বিপদত পৰিব কিয়?
মক্কা যৌথ প্ৰতিৰক্ষা চুক্তিক লৈ তুৰস্কৰ সংসদত ধুমুহা, পাকিস্তানক লৈ অস্বস্তিত এৰদোগান
পাকিস্তানৰ বহু চৰ্চিত ‘ইছলামিক নেটো’ৰ সপোনক লৈ সৃষ্টি হৈছে নতুন বিতৰ্ক। মক্কা যৌথ প্ৰতিৰক্ষা চুক্তিক কেন্দ্ৰ কৰি তুৰস্কৰ আভ্যন্তৰীণ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত-পাকিস্তানৰ মাজত ভৱিষ্যতে সামৰিক সংঘাতৰ সৃষ্টি হ’লে তুৰস্কই কি ভূমিকা গ্ৰহণ কৰিব, সেই প্ৰশ্ন উত্থাপন কৰি দেশখনৰ ৰাষ্ট্ৰপতি ৰেজেপ টাইয়েপ এৰদোগানক তীব্ৰ সমালোচনা কৰিছে বিৰোধী সাংসদ তথা কুৰ্দ নেত্ৰী গুলুস্তান কিলিচ কোচীগিতে।
তুৰস্কৰ সংসদ ‘গ্ৰেণ্ড নেচনেল এছেম্বলী’ত মক্কা প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত গুলুস্তানে প্ৰশ্ন কৰে, “ভাৰতে যদি পাকিস্তানক আক্ৰমণ কৰে, তেন্তে আংকাৰাইও যুদ্ধত অৱতীৰ্ণ হ’ব লাগিব নেকি?” তেওঁৰ মতে, ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী। এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ’লে তুৰস্ককো এক অনিশ্চিত আৰু বিপজ্জনক সংঘাতৰ মাজলৈ ঠেলি দিয়াটো কিমান যুক্তিসংগত?
কি এই মক্কা যৌথ প্ৰতিৰক্ষা চুক্তি?
প্ৰকাশিত তথ্য অনুসৰি, ২০২৬ চনৰ ৭ আগষ্টত তুৰস্ক, ছৌদি আৰব আৰু পাকিস্তানে মক্কা যৌথ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ মূল উদ্দেশ্য হৈছে তিনিখন দেশৰ মাজত সামৰিক সহযোগিতা আৰু পাৰস্পৰিক নিৰাপত্তা শক্তিশালী কৰা।
চুক্তিৰ চৰ্ত অনুসৰি, অংশগ্ৰহণকাৰী দেশসমূহৰ কোনো এখন দেশ তৃতীয় পক্ষৰ আক্ৰমণৰ সন্মুখীন হ’লে সেই আক্ৰমণক সকলো সদস্যৰ ওপৰত হোৱা আক্ৰমণ হিচাপে বিবেচনা কৰাৰ ব্যৱস্থা ৰখা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এই ব্যৱস্থাৰ বাবে পশ্চিমীয়া সংবাদ মাধ্যমৰ একাংশই ইয়াক ‘ইছলামিক নেটো’ বুলিও অভিহিত কৰিছে।
উল্লেখ্য যে, নেটো (NATO) হৈছে উত্তৰ আটলাণ্টিক চুক্তি সংস্থা, যাৰ মূল নীতি হৈছে সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণক সামূহিক নিৰাপত্তাৰ প্ৰশ্ন হিচাপে গণ্য কৰা। তুৰস্ক নিজেও নেটোৰ সদস্য ৰাষ্ট্ৰ।
ভাৰত-পাকিস্তান সংঘাতত তুৰস্কৰ ভূমিকা কি হ’ব?
সংসদত গুলুস্তানে প্ৰশ্ন কৰে যে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হ’লে তুৰস্কই কাৰ পক্ষ ল’ব? এই সিদ্ধান্ত সংসদ আৰু দেশৰ জনসাধাৰণৰ মতামতৰ ভিত্তিত লোৱা হৈছে নে নাই, সেই সন্দৰ্ভতো তেওঁ এৰদোগান চৰকাৰক প্ৰশ্ন কৰে।
ইয়াৰ উত্তৰত শাসকীয় পক্ষই স্পষ্ট কৰে যে মক্কা চুক্তিৰ মূল লক্ষ্য পশ্চিম এছিয়াৰ নিৰাপত্তা সুনিশ্চিত কৰা। পাকিস্তানৰ সৈতে সংঘাতৰ পৰিস্থিতি সৃষ্টি হ’লে তুৰস্কই সামৰিক সঁজুলি, প্ৰতিৰক্ষা সহযোগিতা আৰু চোৰাংচোৱা তথ্যৰ জৰিয়তে সহায় আগবঢ়াব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুৰস্কৰ সেনাবাহিনী প্ৰতিটো সংঘাততে পোনপটীয়াকৈ যুদ্ধত জড়িত হ’ব।
এৰদোগান চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে ফুয়াত ওকতায়ে
তুৰস্কৰ বৈদেশিক পৰিক্ৰমা বিষয়ক সংসদীয় সমিতিৰ অধ্যক্ষ তথা এৰদোগানৰ দল জাষ্টিছ এণ্ড ডেভেলপমেণ্ট পাৰ্টিৰ নেতা ফুয়াত ওকতায়েও এই বিষয়ত নিজৰ মত প্ৰকাশ কৰিছে।
তেওঁৰ মতে, তুৰস্কই নিজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো অনিয়ন্ত্ৰিত সামৰিক প্ৰক্ৰিয়াত জড়িত নহয়। দেশখনৰ আত্মৰক্ষা আৰু আঞ্চলিক নিৰাপত্তাৰ স্বাৰ্থতেই এই চুক্তি কৰা হৈছে। ইয়াৰ উপৰি য়েমেনৰ হুথি বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজিবলৈ তুৰস্কই নিজৰ সেনা প্ৰেৰণ কৰাৰ কোনো পৰিকল্পনা নাই বুলিও তেওঁ স্পষ্ট কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
অৱশ্যে, বিৰোধী সাংসদ মুৰাত আমিৰে এই আশ্বাসক লৈ সন্দেহ প্ৰকাশ কৰিছে। তেওঁৰ অভিযোগ, ছৌদি আৰৱৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ এৰদোগান চৰকাৰে গোপনে পশ্চিম এছিয়ালৈ সেনা প্ৰেৰণৰ প্ৰস্তুতি চলাইছে।
ইৰানক লৈও চিন্তিত তুৰস্কৰ বিৰোধী শিবিৰ
মক্কা চুক্তিক লৈ গুলুস্তানৰ উদ্বেগ কেৱল ভাৰত-পাকিস্তানৰ সংঘাততে সীমাবদ্ধ নহয়। ইৰানৰ সৈতেও তুৰস্কৰ দীঘলীয়া সীমান্ত আছে। এনে পৰিস্থিতিত ছৌদি আৰৱৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিকভাৱে জড়িত হ’লে ইৰানৰ সৈতে তুৰস্কৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে।
বিশেষকৈ য়েমেনৰ হুথি বিদ্ৰোহীৰ সৈতে ইৰানৰ সম্পৰ্কক কেন্দ্ৰ কৰি পশ্চিম এছিয়াত সৃষ্টি হোৱা উত্তেজনাৰ মাজত তুৰস্কৰ বাবে এই চুক্তি কিমান লাভজনক হ’ব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ভাৰত-তুৰস্কৰ সম্পৰ্কত পুৰণি সংঘাতৰ ছাঁ
বিশ্লেষকসকলৰ মতে, ভাৰত আৰু তুৰস্কৰ মাজৰ সম্পৰ্কত ঐতিহাসিক আৰু সাম্প্ৰতিক দুয়োটা কাৰকে প্ৰভাৱ পেলাই আহিছে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতীয় সেনা আৰু অটোমান সাম্ৰাজ্যৰ বাহিনীৰ মাজত সংঘৰ্ষ হৈছিল।
১৯১৮ চনৰ ২৩ ছেপ্টেম্বৰত হাইফাৰ যুদ্ধত ব্ৰিটিছ ভাৰতীয় সেনাৰ জোধপুৰ, মহীশূৰ আৰু হায়দৰাবাদৰ অশ্বাৰোহী বাহিনীয়ে অটোমান বাহিনীক পৰাস্ত কৰিছিল। এই যুদ্ধত জোধপুৰ লেন্সাৰৰ মেজৰ দলপত সিং শ্বেখাৱাটৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত অটোমান সাম্ৰাজ্যৰ পতন ঘটে আৰু আধুনিক তুৰস্কৰ উত্থান হয়।
অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক সহায়ৰ অভিযোগ
২০২৫ চনত ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ সময়তো তুৰস্কৰ ভূমিকা চৰ্চালৈ আহিছিল। বিভিন্ন প্ৰতিবেদন অনুসৰি, সেই সময়ত তুৰস্কই পাকিস্তানক সামৰিক ড্ৰোনসহ প্ৰতিৰক্ষা সঁজুলি যোগান ধৰিছিল। ইয়াৰ ফলত ভাৰত-তুৰস্কৰ কূটনৈতিক সম্পৰ্কত কিছু উত্তেজনা সৃষ্টি হৈছিল।
ইয়াৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ লগতে তুৰস্কৰ চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্ব দিয়া বুলি বিভিন্ন মহলত চৰ্চা হৈছে।
বিশেষকৈ গ্ৰীচ আৰু চাইপ্ৰাছৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি পোৱাৰ সম্ভাৱনাক লৈ আংকাৰাৰ ৰাজনৈতিক মহলৰ একাংশই উদ্বেগ প্ৰকাশ কৰিছে।
সংসদত অনুমোদন, কিন্তু বিতৰ্ক অব্যাহত
বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও তুৰস্কৰ সংসদত ২৭৯টা ভোটৰ সমৰ্থনত আৰু ১১৯টা ভোটৰ বিৰোধিতাৰে মক্কা যৌথ প্ৰতিৰক্ষা চুক্তি অনুমোদিত হয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
এতিয়া প্ৰশ্ন হৈছে, এই চুক্তিয়ে পাকিস্তানৰ সামৰিক নিৰাপত্তা কিমান শক্তিশালী কৰিব আৰু ভাৰতৰ সৈতে ভৱিষ্যতে কোনো সংঘাতৰ সৃষ্টি হ’লে তুৰস্কই প্ৰকৃততে কি ভূমিকা পালন কৰিব? আঞ্চলিক নিৰাপত্তা, পাৰমাণৱিক শক্তিৰ ভাৰসাম্য আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ মাজত মক্কা চুক্তিয়ে অনাগত দিনত নতুন সমীকৰণৰ সৃষ্টি কৰিব পাৰে।
News Desk | People’s TV




