INTERNATIONALSPECIAL REPORTS

চাহাৰা মৰুভূমিত উদ্ধাৰ ৪১০ কোটি বছৰ পুৰণি মংগল গ্ৰহৰ উল্কাপিণ্ড: প্ৰাচীন জলৰ ৰহস্য উন্মোচনৰ সম্ভাৱনা বিজ্ঞানীৰ

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সংবাদ • ১২ নৱেম্বৰ, ২০২৬

মংগল গ্ৰহৰ অতীতৰ ৰহস্য উদ্ঘাটনৰ দিশত বিজ্ঞানীসকলৰ হাতত আহিছে এক গুৰুত্বপূৰ্ণ সন্ধান। আফ্ৰিকাৰ চাহাৰা মৰুভূমিত উদ্ধাৰ হোৱা প্ৰায় ৪১০ কোটি বছৰ পুৰণি এক উল্কাপিণ্ডই মংগল গ্ৰহৰ প্ৰাচীন পৰিৱেশ আৰু এসময়ত তাত থকা তৰল পানীৰ অস্তিত্ব সম্পৰ্কে নতুন তথ্য প্ৰদান কৰিব পাৰে বুলি আশা প্ৰকাশ কৰিছে গৱেষকসকলে। বিজ্ঞানীসকলৰ মতে, এই শিলাখণ্ডটো মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ অহা এতিয়ালৈকে উদ্ধাৰ হোৱা অন্যতম প্ৰাচীন উল্কাপিণ্ড।

২০২২ চনত আফ্ৰিকাৰ মালিৰ চাহাৰা মৰুভূমিৰ এটা লৱণাক্ত সমভূমিত এদল অভিযাত্ৰীয়ে এই উল্কাপিণ্ডটো আৱিষ্কাৰ কৰিছিল। মালিৰ সেই লৱণাক্ত অঞ্চলৰ নাম অনুসৰি ইয়াৰ নাম ৰখা হয় ‘তেঘাজা ০০১’ (Tegaza 001)। উল্কাপিণ্ডটোৰ মুঠ আঠটা খণ্ড উদ্ধাৰ কৰা হৈছিল, যাৰ সামগ্ৰিক ওজন ৭৯৮.৫ গ্ৰাম। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ খণ্ডটোৰ ওজন ৪৪২ গ্ৰাম।

উল্কাপিণ্ডটো উদ্ধাৰৰ পিছতে ইয়াক লৈ আৰম্ভ হয় বৈজ্ঞানিক গৱেষণা। নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ জ্যোতিৰ্বিজ্ঞানী ইয়াং লিউ আৰু তেওঁৰ সহযোগীসকলে ইয়াৰ গঠন আৰু বয়স নিৰ্ণয়ৰ বাবে বিশদ অধ্যয়ন চলায়। ২০২৬ চনৰ ২৯ অক্টোবৰত এই গৱেষণাৰ ফলাফল বিখ্যাত বিজ্ঞান আলোচনী ‘Science’-ত প্ৰকাশ পায়। গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, উল্কাপিণ্ডটোত থকা জিৰকন স্ফটিকসমূহৰ বয়স কমেও ৪১০ কোটি বছৰ।

মংগল গ্ৰহৰ আদিম ইতিহাস জানিবলৈ সহায় কৰিব উল্কাপিণ্ডটোৱে

বিজ্ঞানীসকলৰ মতে, ‘তেঘাজা ০০১’ৰ বিশেষত্ব হৈছে ইয়াৰ ব্যতিক্ৰমী ৰাসায়নিক গঠন। পূৰ্বে পৃথিৱীত উদ্ধাৰ হোৱা মংগল গ্ৰহৰ আন বহু উল্কাপিণ্ডৰ তুলনাত ইয়াৰ গঠন পৃথক। গৱেষকসকলৰ ধাৰণা, এই শিলাখণ্ডটো মংগল গ্ৰহৰ আভ্যন্তৰীণ উত্তপ্ত শিলাস্তৰ অৰ্থাৎ মেণ্টলৰ পৰা নিৰ্গত হোৱা মেগমাৰ পৰা সৃষ্টি হৈছিল।

বিশেষজ্ঞসকলৰ মতে, এই উল্কাপিণ্ডটো মংগল গ্ৰহৰ এনে এটা ভূতাত্ত্বিক অঞ্চলৰ পৰা আহিছে, যাৰ নমুনা পূৰ্বে বিজ্ঞানীসকলৰ হাতত পৰা নাছিল। সেয়েহে ইয়াৰ বিশ্লেষণে ৰঙা গ্ৰহটোৰ প্ৰাথমিক ভূতাত্ত্বিক অৱস্থা, গঠন প্ৰক্ৰিয়া আৰু প্ৰাচীন পৰিৱেশ সম্পৰ্কে নতুন দিশ উন্মোচন কৰিব পাৰে।

জিৰকন স্ফটিকত লুকাই আছে কোটি কোটি বছৰৰ ইতিহাস

গৱেষণাৰ সময়ত বিজ্ঞানীসকলে প্ৰথমে উল্কাপিণ্ডটোক সাধাৰণ ‘শ্বেৰগোটাইট’ (Shergottite) শ্ৰেণীৰ উল্কাপিণ্ড বুলি ধাৰণা কৰিছিল। এই শ্ৰেণীৰ শিলাখণ্ড মংগল গ্ৰহৰ উল্কাপিণ্ডৰ মাজত যথেষ্ট পৰিচিত। সেয়েহে প্ৰথম অৱস্থাত ইয়াক লৈ বিশেষ গৱেষণা কৰাৰ পৰিকল্পনা নাছিল।

কিন্তু পিছত অধিক বিশ্লেষণৰ সময়ত ইয়াৰ ভিতৰত জিৰকন (Zircon) নামৰ বিশেষ খনিজ স্ফটিকৰ উপস্থিতি ধৰা পৰে। জিৰকন স্ফটিকক বিজ্ঞানীসকলে এক প্ৰকাৰৰ ‘টাইম কেপচুল’ হিচাপে গণ্য কৰে। কাৰণ, ইয়াৰ সহায়ত কোনো শিলাখণ্ড কেতিয়া সৃষ্টি হৈছিল, সেই সময় নিৰ্ণয় কৰাত সহায় পোৱা যায়।

এই স্ফটিকসমূহৰ বিশ্লেষণৰ পৰাই গৱেষকসকলে উল্কাপিণ্ডটোৰ বয়স কমেও ৪১০ কোটি বছৰ বুলি নিৰ্ণয় কৰে।

মংগল গ্ৰহত এসময়ত আছিল তৰল পানী!

বৰ্তমান মংগল গ্ৰহক এক শুষ্ক, ৰুক্ষ আৰু শীতল গ্ৰহ হিচাপে দেখা যায়। গ্ৰহটোৰ পৃষ্ঠত তৰল পানীৰ অস্তিত্ব বৰ্তমান নাই যদিও বিভিন্ন গৱেষণাত ইয়াৰ অতীতত নদী, হ্ৰদ আৰু পানীৰ প্ৰবাহ থকাৰ প্ৰমাণ পোৱা গৈছে। বৰ্তমান গ্ৰহটোত পানী মূলতঃ বৰফৰ ৰূপত পোৱা যায়। মংগল গ্ৰহৰ সৃষ্টি হৈছিল আনুমানিক ৪৫০ৰ পৰা ৪৬০ কোটি বছৰ পূৰ্বে। সেই হিচাপত ‘তেঘাজা ০০১’ৰ সৃষ্টি হৈছিল গ্ৰহটোৰ গঠনৰ প্ৰথম ৪০ৰ পৰা ৫০ কোটি বছৰৰ ভিতৰতে। এই সময়ছোৱা মংগল গ্ৰহৰ ভূতাত্ত্বিক আৰু জলবায়ুগত পৰিৱৰ্তন বুজিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ।

সেয়েহে , বিজ্ঞানীসকলে আশা কৰিছে যে এই উল্কাপিণ্ডৰ বিশ্লেষণৰ জৰিয়তে মংগল গ্ৰহত যেতিয়া তৰল পানীৰ অস্তিত্ব আছিল, সেই সময়ৰ পৰিৱেশ আৰু ভূতাত্ত্বিক অৱস্থাৰ বিষয়ে অধিক স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব।

কেনেকৈ মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ আহিল এই শিলাখণ্ড?

বিজ্ঞানীসকলৰ মতে, কোনো এটা সময়ত মংগল গ্ৰহৰ পৃষ্ঠত গ্ৰহাণু বা ধূমকেতুৰ প্ৰচণ্ড আঘাতৰ ফলত এই শিলাখণ্ডটো মহাকাশলৈ ছিটিকি আহিছিল। তাৰ পিছত ই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছিল। কেইবা লাখ বছৰ ধৰি মহাকাশত ভ্ৰমণ কৰাৰ পিছত অৱশেষত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি সাহাৰা মৰুভূমিত পৰে বুলি বিজ্ঞানীসকলে অনুমান কৰিছে।

অৱশ্যে, মংগল গ্ৰহৰ পৰা শিলাখণ্ডটো সঠিকভাৱে কেতিয়া আৰু কোন স্থানৰ পৰা বিচ্ছিন্ন হৈছিল, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।

মংগল গ্ৰহৰ ১৩টা সম্ভাৱ্য উৎপত্তিস্থল চিনাক্ত

গৱেষকসকলে ইতিমধ্যে মংগল গ্ৰহৰ দক্ষিণ অংশৰ উচ্চভূমিত ১৩টা সম্ভাৱ্য অঞ্চল চিনাক্ত কৰিছে। তেওঁলোকৰ অনুমান অনুসৰি, ‘তেঘাজা ০০১’ এই অঞ্চলসমূহৰ কোনো এটাৰ পৰাই উৎপত্তি হ’ব পাৰে। এই সম্ভাৱ্য উৎপত্তিস্থলসমূহৰ বিষয়ে অধিক গৱেষণা অব্যাহত আছে।

ব্ৰিটেইনৰ ইম্পেৰিয়েল কলেজ লণ্ডনৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক মেথিউ গেঞ্জেও এই আৱিষ্কাৰক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে। তেওঁৰ মতে, উল্কাপিণ্ডটোৰ ওপৰত অধিক বিশদ অধ্যয়ন চলালে মংগল গ্ৰহৰ প্ৰাৰম্ভিক ইতিহাসৰ বিষয়ে নতুন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

সামগ্ৰিকভাৱে,চাহাৰা মৰুভূমিত উদ্ধাৰ হোৱা এই প্ৰাচীন উল্কাপিণ্ডটো কেৱল মহাকাশৰ পৰা অহা এটা শিলাখণ্ড নহয়, বৰং কোটি কোটি বছৰ পুৰণি গ্ৰহীয় ইতিহাসৰ এক মূল্যৱান তথ্যভাণ্ডাৰ। ইয়াৰ গৱেষণাই ভৱিষ্যতে মংগল গ্ৰহৰ প্ৰাচীন জলসম্পদ, ভূতাত্ত্বিক গঠন আৰু সেই সময়ৰ পৰিৱেশ সম্পৰ্কে বিজ্ঞানীসকলক নতুন দিশ দেখুৱাব পাৰে।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button