স্বদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ: নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ বিচাৰি বাংলাদেশ চৰকাৰলৈ আবেদন

আন্তঃৰাষ্ট্ৰীয় • ১০ নৱেম্বৰ ২০২৬
SHEIKH-HASINA-SEEKS-NEW-PASSPORT-RETURN-BANGLADESH-INDIA
প্ৰত্যাৱৰ্তনৰ দাবীত নতুন কূটনৈতিক সংঘাতৰ আশংকা
হাছিনাক প্ৰত্যাৱৰ্তনৰ দাবী বাংলাদেশ চৰকাৰৰ
বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে নেকি দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই? নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ (NID) লাভৰ বাবে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ পিছতে এই প্ৰশ্নক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। সূত্ৰৰ খবৰ অনুসৰি, আগন্তুক ডিচেম্বৰ মাহত স্বদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে হাছিনাই। অৱশ্যে এই পৰিকল্পনাৰ বাস্তৱায়নক লৈ এতিয়াও অনিশ্চয়তা অব্যাহত আছে।
উল্লেখ্য যে, ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত সংঘটিত হোৱা ছাত্ৰ-জনতাৰ ব্যাপক আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ পদ এৰি দেশ ত্যাগ কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰে পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে বাংলাদেশৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি প্ৰভাৱ বিস্তাৰ কৰা নেত্ৰীগৰাকীয়ে। প্ৰায় দুবছৰ ধৰি ভাৰতত থকা হাছিনাই এইবাৰ নতুন ভ্ৰমণ নথি আৰু পৰিচয়-পত্ৰ লাভৰ বাবে বাংলাদেশৰ সৈতে যোগাযোগ কৰাৰ খবৰে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।
নতুন পাছপ’ৰ্ট আৰু NID-ৰ বাবে আবেদন
ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, সোমবাৰে শ্বেখ হাছিনাৰ অধিবক্তাসকলে নতুন ভ্ৰমণ নথি আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰৰ বাবে আবেদন জনাই নতুন দিল্লীস্থিত বাংলাদেশৰ দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। লণ্ডনস্থিত আইনজীৱী সংস্থা মেট্ৰিক্স চেম্বাৰ্ছৰ জৰিয়তে বাংলাদেশৰ দূতাবাসৰ ভাৰপ্ৰাপ্ত হাইকমিছনাৰ প্ৰীতি ৰহমানলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লোৱাৰ পিছত এইটোৱেই হাছিনাৰ পক্ষৰ পৰা বাংলাদেশৰ দূতাবাসৰ সৈতে এই ধৰণৰ প্ৰথম যোগাযোগ বুলি জানিব পৰা গৈছে। নতুন পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰৰ বাবে কৰা এই আবেদনক স্বদেশলৈ উভতি যোৱাৰ সম্ভাৱ্য প্ৰস্তুতি হিচাপে বিবেচনা কৰা হৈছে।
হাছিনাক প্ৰত্যাৱৰ্তনৰ দাবী বাংলাদেশ চৰকাৰৰ
আনহাতে, হাছিনাক নতুন ভ্ৰমণ নথি প্ৰদান কৰাৰ পৰিৱৰ্তে ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ সংবাদমাধ্যম ‘দ্য ডেইলী ষ্টাৰ’-ৰ প্ৰতিবেদন অনুসৰি, দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিমন্ত্ৰী হুমায়ুন কবিৰে হাছিনাক বাংলাদেশৰ হাতত গতাই দিয়াৰ দাবী জনাইছে।
তেওঁৰ বক্তব্য অনুসৰি, বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যৰ্পণ চুক্তি কাৰ্যকৰী হৈ আছে। সেয়েহে নতুনকৈ পাছপ’ৰ্ট প্ৰদান কৰাৰ পৰিৱৰ্তে প্ৰত্যৰ্পণ চুক্তিৰ অধীনত হাছিনাক বাংলাদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
ঢাকা-নতুন দিল্লীৰ সম্পৰ্কত নতুন কূটনৈতিক চাপ?
শ্বেখ হাছিনাৰ নতুন পাছপ’ৰ্ট আৰু NID-ৰ আবেদনক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ মাজত পুনৰ কূটনৈতিক টানাপোড়েন সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিছে। এফালে হাছিনাৰ পক্ষই ভ্ৰমণ আৰু পৰিচয়-পত্ৰ লাভৰ বাবে আবেদন জনাইছে, আনফালে বাংলাদেশ চৰকাৰে তেওঁৰ প্ৰত্যৰ্পণৰ দাবী উত্থাপন কৰিছে।
এতিয়া, সকলোৰে দৃষ্টি বাংলাদেশ চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত। নতুন পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰৰ আবেদনত বাংলাদেশে কি সঁহাৰি জনায়, ভাৰতৰ স্থিতি কি হয় আৰু অৱশেষত শ্বেখ হাছিনা স্বদেশলৈ উভতি যাব পাৰিবনে—সেয়া সময়েহে স্পষ্ট কৰিব।
News Desk | People’s TV




