ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ অভিযান আৰম্ভ শিৱসাগৰ প্ৰশাসনৰ

ৰাজ্যিক • ৭ নৱেম্বৰ • ২০২৬
আটাছুৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতে অৱশেষত উচ্ছেদ অভিযান; প্ৰায় ১২০ বিঘা ১ কঠা ৯ লোচা ভূমি বেদখলৰ অভিযোগ, অভিযানৰ পূৰ্বেই একাংশ পৰিয়ালে নিজে ভাঙিলে বাসগৃহৰ দেৱাল আৰু শৌচাগাৰ।
historic-jamuna-encroachment-eviction-drive-sivasagar
শিৱসাগৰ: অৱশেষত ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান আৰম্ভ কৰিলে শিৱসাগৰ জিলা প্ৰশাসনে। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত খন্দোৱা ঐতিহাসিক যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত আটাছুৱে দীৰ্ঘদিন ধৰি চলাই অহা ধাৰাবাহিক প্ৰতিবাদৰ পাছতে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।
ঐতিহাসিক সম্পদ হিচাপে পৰিচিত যমুনা সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছিল আটাছুৱে।যমুনাৰ ভূমি বেদখল কৰি একাংশ লোকে বাসগৃহ, শৌচাগাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনে বেদখলমুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে, যমুনাৰ মুঠ ভূমিৰ পৰিমাণ ১২০ বিঘা ১ কঠা ৯ লোচা। ইয়াৰে প্ৰায় ৪০ বিঘা ভূমি বেদখল কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বেদখলৰ অভিযোগ থকা ভূমিত নিৰ্মাণ কৰা বাসগৃহ, শৌচাগাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে।
প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই একাংশ পৰিয়ালে নিজে নিজে বাসগৃহৰ দেৱাল আৰু শৌচাগাৰ ভাঙি আঁতৰোৱাৰ দৃশ্যও পৰিলক্ষিত হয়।
আনহাতে, ঐতিহাসিক যমুনা খাৱৈৰ ভূমি বেদখলমুক্ত কৰি ইয়াৰ ঐতিহাসিক অস্তিত্ব অক্ষুণ্ণ ৰখাৰ দাবীত আটাছুৱে দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল।
স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ ঐতিহাসিক সম্পদ যমুনা খাৱৈৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশাসনৰ এই অভিযানক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণ আৰু বেদখলমুক্তকৰণৰ ক্ষেত্ৰত প্ৰশাসনৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।
News Desk | People’s TV




