ASSAM

AIৰ গডফাদাৰ জেফ্ৰী হিণ্টনৰ সকীয়নি

আন্তঃৰাষ্ট্ৰীয় • প্ৰযুক্তিবিদ্যা • ১৪ নৱেম্বৰ ২০২৬

AIৰ গডফাদাৰ জেফ্ৰী হিণ্টনৰ সকীয়নি

মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি ভাবুকি AI!

AIৰ বাবেই বিলুপ্ত হ’ব পাৰে মানৱ জাতি!

AIৰ ফলত মানৱ জাতিৰ বিলুপ্তিৰ আশংকা ১০–২০ শতাংশ

মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে AI,

আশংকা নোবেল বিজয়ী বিজ্ঞানীৰ

আগন্তুক কেইটামান দশকত AIৰ ফলত মানৱ জাতিৰ বিলুপ্তিৰ আশংকা ১০ৰ পৰা ২০ শতাংশ বুলি মত নোবেল বঁটা বিজয়ী বিজ্ঞানীৰ ।

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্ৰুত বিকাশে মানৱ সভ্যতাৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। এই উদ্বেগজনক আশংকা প্ৰকাশ কৰিছে নোবেল বঁটা বিজয়ী তথা AIৰ অন্যতম পথপ্ৰদৰ্শক বিজ্ঞানী জেফ্ৰী হিণ্টনে। ‘AIৰ গডফাদাৰ’ হিচাপে পৰিচিত বিজ্ঞানীগৰাকীৰ মতে, ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ মানৱ জাতিৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি সৃষ্টি কৰিব পাৰে।

উল্লেখ্য যে, ২০২৩ চনত গুগলৰ চাকৰি এৰাৰ পাছৰে পৰা জেফ্ৰী হিণ্টনে AIৰ সম্ভাৱ্য বিপদসমূহৰ বিষয়ে ধাৰাবাহিকভাৱে সতৰ্কবাণী প্ৰদান কৰি আহিছে। তেওঁৰ মতে, আগন্তুক কেইটামান দশকৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত মানৱ জাতিৰ বিলুপ্তি ঘটাৰ সম্ভাৱনা ১০ৰ পৰা ২০ শতাংশ পৰ্যন্ত হ’ব পাৰে। অৱশ্যে এই পৰিসংখ্যা কোনো নিৰ্দিষ্ট বৈজ্ঞানিক গণনাৰ ওপৰত আধাৰিত নহয় বুলি স্বীকাৰ কৰিছে হিণ্টনে। এয়া তেওঁৰ ব্যক্তিগত অনুমানহে।

ইফালে, AIৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ইয়াৰ সম্ভাৱ্য বিপদক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পাইছে। প্ৰযুক্তিবিধৰ বিকাশৰ গতি নিয়ন্ত্ৰণ আৰু চৰকাৰী বিধি-নিষেধ আৰোপৰ দাবীৰে সহস্ৰাধিক AI বিশেষজ্ঞ আৰু কৰ্মীয়ে মুকলি পত্ৰত স্বাক্ষৰ কৰিছে। আনহাতে, AIৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ কথাও প্ৰকাশ কৰিছে OpenAI-এ।

শেহতীয়াকৈ, আমেৰিকাৰ কংগ্ৰেছৰ এক ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰি AI নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও মত প্ৰকাশ কৰে জেফ্ৰী হিণ্টনে। AI এজেণ্টসমূহৰ মাজত হোৱা পাৰস্পৰিক যোগাযোগ আৰু নিজৰ মাজতে সহযোগিতা গঢ়ি তোলাৰ ঘটনাই বিশেষজ্ঞসকলৰ মাজত নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিয়ে ভৱিষ্যতে মানুহে নিজৰ সৃষ্টি কৰা প্ৰযুক্তিৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব পাৰে বুলি আশংকা বৃদ্ধি কৰিছে।

অৱশ্যে ,AIৰ ভৱিষ্যতক লৈ সম্পূৰ্ণ নিৰাশাবাদী নহয় হিণ্টন। তেওঁৰ মতে, উপযুক্ত সুৰক্ষা ব্যৱস্থা, দায়িত্বশীল বিকাশ আৰু কঠোৰ নিয়ন্ত্ৰণৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ ইতিবাচক সম্ভাৱনাসমূহ মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। প্ৰযুক্তিৰ অগ্ৰগতিৰ সমান্তৰালকৈ মানৱ জাতিৰ সুৰক্ষা নিশ্চিত কৰাটোৱেই এতিয়া বিশ্বৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

Source : https://www.theatlantic.com

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button