ৰাজ্যৰ উচ্ছেদিত পৰিয়াললৈ বৃহৎ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : তাৎক্ষণিক পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ নিৰ্দেশ

ৰাজ্যিক • ১২ নৱেম্বৰ •২০২৬
উচ্ছেদিত পৰিয়ালসমূহৰ বাবে এক বৃহৎ সকাহ কঢ়িয়াই আনিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ ফলত ঘৰ-বাৰী হেৰুওৱা পৰিয়ালসমূহক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে ন্যায়ালয়ে।
গোৱালপাৰা জিলাৰ হাচিলা বিল, কামৰূপ জিলাৰ বঙৰা আৰু নগাঁও জিলাৰ কচুৱাত উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ পিছত আশ্ৰয় আৰু জীৱিকাৰ অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰা পৰিয়ালসমূহৰ পুনৰ্বাসনৰ বিষয়টোক লৈ ন্যায়ালয়ৰ এই হস্তক্ষেপ বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
১৬ ডিচেম্বৰৰ পূৰ্বে শপতনামা দাখিলৰ নিৰ্দেশ
ইফালে, উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ আৰু পুনৰ্বাসন প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেই সন্দৰ্ভত বিস্তৃত শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, অহা ১৬ ডিচেম্বৰৰ পূৰ্বে ৰাজ্য চৰকাৰে এই শপতনামা দাখিল কৰিব লাগিব। শপতনামাত উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা তথা প্ৰক্ৰিয়াৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
হাচিলা বিল, বঙৰা আৰু কচুৱাৰ পৰিয়াললৈ সকাহ
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত চলোৱা উচ্ছেদ অভিযানৰ পিছত বহু পৰিয়ালে বাসস্থান আৰু জীৱিকাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ উচ্ছেদৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ বিষয়টোৱে বিভিন্ন সময়ত চৰ্চা লাভ কৰি আহিছে।
এনে পৰিস্থিতিত গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এতিয়া সকলোৰে দৃষ্টি ১৬ ডিচেম্বৰৰ পূৰ্বে ৰাজ্য চৰকাৰে দাখিল কৰিবলগীয়া শপতনামাৰ ওপৰত। চৰকাৰে উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ’ব।
News Desk | People’s TV
