SPORTS

বজালী জিলাত ‘খেল মহাৰণ ৩.০’ৰ শুভাৰম্ভ, প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন প্ৰায় ১ লাখ ৫ হাজাৰ খেলুৱৈৰ

ৰাজ্যিক • ১৩ নৱেম্বৰ • ২০২৬

BAJALI-KHEL-MAHARAN-3-0-SPORTS-COMPETITION

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বজালী জিলাতো আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ অন্যতম ক্ৰীড়া পদক্ষেপ ‘খেল মহাৰণ ৩.০’। গাঁও পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাক কেন্দ্ৰ কৰি জিলাখনৰ ক্ৰীড়াপ্ৰেমী আৰু যুৱ খেলুৱৈসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। বজালী জিলাত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে প্ৰায় ১ লাখ ৫ হাজাৰ খেলুৱৈয়ে পঞ্জীয়ন কৰিছে।

বজালী জিলাৰ বিভিন্ন স্থানত গাঁও পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত হৈছে ‘খেল মহাৰণ ৩.০’ৰ প্ৰতিযোগিতাসমূহ। এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি উপলক্ষে শুকুৰবাৰে জিলাখনৰ চৌখুটী হাইস্কুল খেলপথাৰত বজালী সমষ্টি আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিৰ প্ৰতিযোগিতাসমূহৰ শুভাৰম্ভ কৰা হয়।

বজালী সমষ্টিৰ ২০খন গাঁও পঞ্চায়ত আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৭খন গাঁও পঞ্চায়তক সামৰি এই ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ এক বৃহৎ মঞ্চ প্ৰদানৰ প্ৰয়াস কৰা হৈছে।

প্ৰতিযোগিতাসমূহ প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়তভিত্তিত অনুষ্ঠিত হ’ব। এই পৰ্যায়ত প্ৰতিভাৰ পৰিচয় দিয়া খেলুৱৈসকলে পৰৱৰ্তী সময়ত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ অন্তত নিৰ্বাচিত প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। এইদৰে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাৱান খেলুৱৈ নিৰ্বাচন কৰি আগুৱাই নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, বজালী জিলাত এইবাৰৰ ‘খেল মহাৰণ ৩.০’ৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰায় ১ লাখ ৫ হাজাৰ খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। জিলাখনৰ বাবে এয়া এক উল্লেখযোগ্য অংশগ্ৰহণৰ সংখ্যা হিচাপে বিবেচিত হৈছে। বৃহৎসংখ্যক খেলুৱৈৰ পঞ্জীয়নে গ্ৰামাঞ্চলত ক্ৰীড়াৰ প্ৰতি থকা আগ্ৰহ আৰু উৎসাহৰ প্ৰতিফলন ঘটাইছে।

ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বিভিন্ন প্ৰান্তত লুকাই থকা সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰা, প্ৰতিভাৱান খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদান কৰা আৰু যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে ‘খেল মহাৰণ’ৰ আয়োজন কৰি আহিছে। কেৱল প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ নাৰাখি ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা, অনুশাসন, দলীয় মনোভাৱ আৰু সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো এই পদক্ষেপে গুৰুত্ব বহন কৰিছে।

অনুষ্ঠানত অভিভাৱক মন্ত্ৰী নিলিমা দেৱীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে কৌশিক বৰুৱা। তেওঁ খেল মহাৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ খেলুৱৈসকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰাৰ লগতে ভৱিষ্যতে বৃহৎ ক্ৰীড়া মঞ্চত প্ৰতিনিধিত্ব কৰাৰ পথ প্ৰশস্ত হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, গাঁও পঞ্চায়ত পৰ্যায়ৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়লৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাই বজালী জিলাৰ ক্ৰীড়া ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ বৃহৎসংখ্যক যুৱ খেলুৱৈৰ অংশগ্ৰহণে জিলাখনৰ ক্ৰীড়া পৰিৱেশক অধিক শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।

প্ৰতিবেদন: মৃণ্ময় পাঠক, বজালী

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button