কাটিগড়াৰ বিহাড়া ৰে’লৱে ষ্টেচনত দুখন গুৰুত্বপূৰ্ণ এক্সপ্ৰেছ ৰে’লৰ ষ্টপেজৰ দাবী: কেন্দ্ৰীয় ৰে’লমন্ত্ৰীলৈ পত্ৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ

ৰাজ্যিক • ১৩ নৱেম্বৰ • ২০২৬
BIHARA-RAILWAY-STATION-TRAIN-STOPPAGE-PARIMAL-SUKLABAIDYA
কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ অন্তৰ্গত বিহাড়া ৰে’লৱে ষ্টেচনত দুখন গুৰুত্বপূৰ্ণ এক্সপ্ৰেছ ৰে’লৰ ষ্টপেজ প্ৰদানৰ দাবী উত্থাপন কৰিছে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই।
এই সন্দৰ্ভত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰি ৰে’ল দুখনৰ উভয় দিশত দুই মিনিটৰ বাণিজ্যিক ষ্টপেজ প্ৰদানৰ বাবে আবেদন জনাইছে সাংসদগৰাকীয়ে।
সাংসদ পৰিমল শুক্লবৈদ্যই ষ্টপেজৰ দাবী জনোৱা ৰে’ল দুখন হৈছে ১৪০৩৭/১৪০৩৮ নম্বৰৰ শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পূৰ্ণ ক্ৰান্তি এক্সপ্ৰেছ আৰু ১৫৬০৯/১৫৬১০ নম্বৰৰ ছাইৰাং–গুৱাহাটী এক্সপ্ৰেছ।
বিহাড়া ৰে’লৱে ষ্টেচনত এই ৰে’ল দুখনৰ ষ্টপেজ প্ৰৱৰ্তন কৰা হ’লে কাছাৰ জিলাৰ বিহাড়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ যাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি পত্ৰখনত উল্লেখ কৰিছে সাংসদগৰাকীয়ে।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিহাড়াত অনুষ্ঠিত হোৱা এটা আধাৰশিলা স্থাপন অনুষ্ঠানত এই সন্দৰ্ভত সাংসদ পৰিমল শুক্লবৈদ্যক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছিল বিক্ৰমপুৰ–কালিবাৰী জিলা পৰিষদৰ সদস্যা পম্পী ৰাণী দাসে। অঞ্চলটোৰ ৰে’ল যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই দাবী উত্থাপন কৰিছিল।
স্মাৰক-পত্ৰখন লাভ কৰাৰ পিছতে বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সাংসদগৰাকীয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীলৈ আনুষ্ঠানিক আবেদন প্ৰেৰণ কৰে। বিহাড়া ৰে’লৱে ষ্টেচনত ৰে’ল দুখনৰ ষ্টপেজ প্ৰদানৰ জৰিয়তে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে সাধাৰণ যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত সৃষ্টি হোৱা অসুবিধা দূৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে তেওঁ।
সাংসদগৰাকীৰ মতে, বিহাড়া আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ লোক দৈনন্দিন যাতায়াতৰ বাবে এই ৰে’লৱে ষ্টেচনৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আৰু কৰ্মসূত্ৰে বিভিন্ন স্থানলৈ অহা-যোৱা কৰা সাধাৰণ যাত্ৰীসকলৰ বাবে এই ৰে’ল দুখনৰ ষ্টপেজ যথেষ্ট গুৰুত্বপূৰ্ণ।
বৰ্তমান এই দাবী সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে বিহাড়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজে। ৰে’ল মন্ত্ৰালয়ে দাবীটো বিবেচনা কৰি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিলে অঞ্চলটোৰ ৰে’ল যোগাযোগ ব্যৱস্থাত এক উল্লেখযোগ্য সুবিধা সংযোজিত হ’ব বুলি আশা কৰা হৈছে।
News Desk | People’s TV

