NATIONAL

বাবৰি মছজিদ ধ্বংসৰ স্মৃতিৰে পুনৰ চৰ্চাত ছোনিয়া গান্ধী

ৰাষ্ট্ৰীয় • অযোধ্যা , উত্তৰ প্ৰদেশ • ৮ নৱেম্বৰ ২০২৬

sonia-gandhi-babri-masjid-demolition-imam-association-reaction

আত্মজীৱনী প্ৰকাশৰ পূৰ্বে মোদী চৰকাৰকো টাৰ্গেট ছোনীয়া গান্ধীৰ

‘তেতিয়া শাসনত আছিল কংগ্ৰেছ, অপৰাধীক শাস্তি দিব নোৱাৰিলে কিয়?’

‘কংগ্ৰেছে পুনৰ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন বাবৰি মছজিদ’ প্ৰশ্ন সংগঠনটোৰ।

বাবৰি মছজিদ ধ্বংসৰ ঘটনাক লৈ ছোনিয়া গান্ধীৰ মন্তব্যৰ পাছতে কংগ্ৰেছক উভতি ধৰিলে অল ইণ্ডিয়া ইমাম এছ’চিয়েচনে।

অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসৰ ঘটনাক লৈ পুনৰ উত্তপ্ত হৈছে ৰাজনৈতিক আৰু সামাজিক চৰ্চা। বাবৰি মছজিদ ধ্বংসৰ সময়ত ছোনিয়া গান্ধীয়ে কান্দিছিল বুলি প্ৰকাশ পোৱা মন্তব্যক কেন্দ্ৰ কৰি এইবাৰ কংগ্ৰেছক প্ৰশ্নৰ সন্মুখীন কৰাইছে অল ইণ্ডিয়া ইমাম এছ’চিয়েচনে। মছজিদ ধ্বংসৰ ঘটনাক লৈ আৱেগ প্ৰকাশ কৰিলেও সেই সময়ত দোষীক শাস্তি প্ৰদান কৰাত কংগ্ৰেছ চৰকাৰ কিয় ব্যৰ্থ হ’ল, সেই প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে।

সংগঠনটোৰ মতে, ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত বাবৰি মছজিদ ধ্বংসৰ সময়ত কেন্দ্ৰত শাসনত আছিল কংগ্ৰেছ চৰকাৰ। এনে পৰিস্থিতিত মছজিদ ধ্বংসৰ ঘটনাৰ দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰখনৰ দায়িত্ব আছিল বুলি দাবী কৰিছে অল ইণ্ডিয়া ইমাম এছ’চিয়েচনে।

‘কান্দিছিল ছোনিয়া গান্ধী, কিন্তু ন্যায় ক’ত?’

বাবৰি মছজিদ ধ্বংসৰ ঘটনাই দেশৰ ৰাজনৈতিক ইতিহাসত এক গভীৰ প্ৰভাৱ পেলাইছিল। এই ঘটনাক লৈ পুনৰ চৰ্চা আৰম্ভ হোৱাৰ সময়তে ছোনিয়া গান্ধীৰ আৱেগিক প্ৰতিক্ৰিয়াৰ প্ৰসংগ উত্থাপন কৰি সংগঠনটোৱে কংগ্ৰেছৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন তুলিছে।

অল ইণ্ডিয়া ইমাম এছ’চিয়েচনৰ প্ৰশ্ন—যদি বাবৰি মছজিদ ধ্বংসৰ ঘটনাই ছোনিয়া গান্ধীক ইমানেই ব্যথিত কৰিছিল, তেন্তে সেই সময়ত শাসনত থকা কংগ্ৰেছ চৰকাৰে দোষীসকলক শাস্তি প্ৰদান কৰিবলৈ কিয় সক্ষম নহ’ল?

‘কংগ্ৰেছে পুনৰ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন বাবৰি মছজিদ’

বাবৰি মছজিদ ধ্বংসৰ পাছত মছজিদটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো কংগ্ৰেছে পদক্ষেপ গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলি মন্তব্য কৰিছে সংগঠনটোৱে। কেৱল আৱেগিক মন্তব্যই নহয়, বাস্তৱত ন্যায় আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে অল ইণ্ডিয়া ইমাম এছ’চিয়েচনে।

বাবৰি মছজিদ ধ্বংসৰ ঘটনাই আজিও দেশৰ ৰাজনৈতিক আৰু ধৰ্মীয় পৰিৱেশত প্ৰভাৱ পেলাই আহিছে। এনে সময়তে ছোনিয়া গান্ধীৰ মন্তব্যক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হোৱা এই বিতৰ্কই কংগ্ৰেছৰ অতীতৰ ভূমিকা আৰু দায়বদ্ধতাৰ বিষয়টো নতুনকৈ চৰ্চালৈ আনিছে। উল্লেখযোগ্য যে, ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক উত্তেজনা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল।

News Desk | People’s TV

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button