দেৱালীৰ আনন্দৰ মাজতে জীৱ-জন্তুৰ প্ৰতি নিৰ্দয় নহ’ব! ফটকা-আতচবাজীৰে আতংকিত নকৰিব নিৰ্বাক প্ৰাণীক?

ৰাজ্যিক • ৮ নৱেম্বৰ ২০২৬
পৃথিৱীখন সকলোৰে বাবে আছিল, জীৱশ্ৰেষ্ঠ মানুহে নিজৰ বুলি ভাবি ল’লে।
এই দীপাৱলীত পোহৰ বিলাওক, আতংক নহয়।
উৎসৱৰ আনন্দৰ মাজতে নিৰ্বাক জীৱৰ প্ৰতি নিষ্ঠুৰতা — ২০২১ৰ পৰা ২০২৫ চনলৈ দীপাৱলীৰ আতছবাজি প্ৰভাৱত ২,১০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ দাবী Wildlife SOSৰ
ৰাজ্যবাসীলৈ আহ্বান, এনে ঘটনাৰ পুনৰাবৃত্তি নহওঁক
diwali-firecrackers-impact-wildlife-animals-environment-wildlife
দীপাৱলী পোহৰৰ উৎসৱ। চৌদিশে বন্তিৰ পোহৰ, আতছ-বাজিৰ ৰং আৰু আনন্দ-উল্লাসেৰে ভৰি পৰে পৰিৱেশ। কিন্তু মানুহৰ এই উৎসৱমুখৰ আনন্দৰ আঁৰত লুকাই থাকে আন এক কৰুণ ছবি। ফটকা, বোমা আৰু আতছ-বাজিৰ প্ৰচণ্ড শব্দ তথা পোহৰে আতংকিত কৰি তোলে নিৰ্বাক জীৱ-জন্তুক। মানুহৰ দৰে নিজৰ যন্ত্ৰণা প্ৰকাশ কৰিব নোৱাৰা এই জীৱবোৰৰ বাবে দীপাৱলী হৈ পৰে ভয় আৰু অস্বস্তিৰ সময়।
বিশেষকৈ , বন্যপ্ৰাণী আৰু চহৰীয়া অঞ্চলত মুক্তভাৱে বিচৰণ কৰা জীৱ-জন্তুৰ বাবে ৰ শব্দ, পোহৰ প্ৰদূষণ আৰু ৰাসায়নিক অৱশিষ্টই সৃষ্টি কৰে নানা সমস্যাৰ। প্ৰচণ্ড শব্দত চৰাই-চিৰিকটিৰ স্বাভাৱিক আচৰণ ব্যাহত হোৱাৰ লগতে বহু জীৱ-জন্তু আতংকিত হৈ নিৰাপদ আশ্ৰয় বিচাৰি দৌৰিবলৈ বাধ্য হয়।
২,১০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰৰ দাবী
Wildlife SOS নামৰ বন্যপ্ৰাণী সংস্থাটোৰ তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দীপাৱলীৰ আতছবাজিৰ শব্দ, পোহৰ প্ৰদূষণ আৰু ৰাসায়নিক অৱশিষ্টৰ দ্বাৰা প্ৰভাৱিত হোৱা ২,১০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে।
উদ্ধাৰ কৰা জীৱ-জন্তুৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ চৰাই, বাদুলী, সৰীসৃপ আৰু চহৰীয়া অঞ্চলত মুক্তভাৱে বিচৰণ কৰা স্তন্যপায়ী প্ৰাণীও অন্তৰ্ভুক্ত আছিল। এই পৰিসংখ্যাই উৎসৱৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা পুনৰ উন্মোচন কৰিছে।
২০২৫ চনৰ উৎসৱকালতো বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ
উৎসৱৰ ব্যস্ত সময়ছোৱাত প্ৰকাশিত এক বিস্তৃত বিশ্লেষণত চহৰীয়া বন্যপ্ৰাণীৰ ওপৰত আতছবাজিৰ প্ৰভাৱৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। তথ্য অনুসৰি, ২০২৫ চনৰ উৎসৱকালত ৬৫০ টাতকৈও অধিক স্তন্যপায়ী প্ৰাণী, ৭০০ৰো অধিক চৰাই আৰু ৭০০ৰো অধিক সৰীসৃপ প্ৰভাৱিত হৈছিল।
এই তথ্যই স্পষ্ট কৰি দিয়ে যে ,দীপাৱলীৰ আনন্দ কেৱল মানুহৰ মাজতে সীমাবদ্ধ নহয়। আমাৰ চৌপাশে থকা জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতিও সমান দায়িত্বশীল হোৱা প্ৰয়োজন।
নিৰ্বাক জীৱৰ প্ৰতি হওক সহানুভূতিশীল
দীপাৱলী আনন্দ আৰু পোহৰৰ উৎসৱ। কিন্তু ,সেই আনন্দৰ নামত আন জীৱৰ জীৱনলৈ আতংক নমাই অনাটো কেতিয়াও কাম্য নহয়। জীৱ-জন্তুবোৰে মানুহৰ দৰে কথা ক’ব নাজানে, নিজৰ যন্ত্ৰণা প্ৰকাশ কৰিব নোৱাৰে। সেয়েহে সিহঁতৰ প্ৰতি সহানুভূতিশীল হোৱাটো আমাৰ নৈতিক দায়িত্ব।
ফটকাৰ পৰিৱৰ্তে বন্তি, চাকি আৰু পৰিৱেশ অনুকূল পোহৰেৰে দীপাৱলী উদযাপন কৰিলেও উৎসৱৰ সৌন্দৰ্য অক্ষুণ্ণ ৰাখিব পাৰি। প্ৰকৃতি আৰু জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি সচেতন হৈ উদযাপন কৰিলেহে দীপাৱলীৰ প্ৰকৃত তাৎপৰ্য প্ৰতিফলিত হ’ব।
ৰাজ্যিক • ৮ নৱেম্বৰ ২০২৬




