ASSAM

বানৰ ক্ষতিপূৰণ নিদিয়াকৈ পুনৰ কয়লা সৰবৰাহৰ প্ৰস্তুতি! জাঁজীত সাজু কয়লাভৰ্তি বাহন

ৰাজ্যিক • ৮ নৱেম্বৰ ২০২৬

Coal-transportation-preparation-in jaji

বানৰ ক্ষতিপূৰণ নোপোৱাকৈ কয়লা সৰবৰাহৰ অনুমতি নহ’ব! জাঁজীত সাজু কয়লা ভৰ্তি বাহন


উজনি অসমত বানৰ ক্ষতিপূৰণক লৈ ক্ষোভৰ মাজতে পুনৰ কয়লা সৰবৰাহৰ প্ৰস্তুতি

ক্ষতিপূৰণ নিদিয়ালৈকে কয়লা সৰবৰাহ বন্ধৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি

উজনি অসমত বানৰ ক্ষতিসমূহৰ ক্ষতচিহ্ন এতিয়াও মাৰ নৌযাওঁতেই পুনৰ আৰম্ভ হৈছে কয়লা সৰবৰাহৰ প্ৰস্তুতি। বানত সৰ্বস্বান্ত হোৱা তিনিখন জিলাৰ ভুক্তভোগী ৰাইজে এতিয়াও লাভ কৰা নাই উপযুক্ত ক্ষতিপূৰণ। এনে পৰিস্থিতিৰ মাজতে শনিবাৰে শিৱসাগৰ জিলাৰ জাঁজীত কয়লা সৰবৰাহৰ বাবে সাজু কৰি ৰখা হৈছে কয়লা ভৰ্তি বাহন।

আমগুৰি নগৰৰ মাজেৰে হালুৱাটিং হৈ নাগালেণ্ডৰ তুলিলৈ কয়লা পৰিবহণৰ উদ্দেশ্যে সাজু কৰা হৈছে এই বাহনসমূহ। কয়লা সৰবৰাহৰ এই প্ৰস্তুতিক লৈ পুনৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ইফালে, বানপীড়িত ৰাইজে উপযুক্ত ক্ষতিপূৰণ লাভ নকৰালৈকে কোনো কাৰণতে কয়লা সৰবৰাহ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

শনিবাৰে জাঁজীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ঋতুমণি হাজৰিকাই স্পষ্ট কৰি দিয়ে যে, বানত ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ লাভ নকৰালৈকে সকলো ধৰণৰ কয়লা সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব।

উল্লেখযোগ্য যে, উজনি অসমৰ বানপীড়িত ৰাইজে এতিয়াও উপযুক্ত ক্ষতিপূৰণৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে কয়লা সৰবৰাহৰ পুনৰ প্ৰস্তুতিয়ে নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সংবাদকৰ্মী: জয়জ্যোতি গগৈ

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button