ASSAM

শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে স্পষ্টীকৰন শিল্পীগৰাকীৰ

ৰাজ্যিক • গুৱাহাটী • ৭ নৱেম্বৰ • ২০২৬

জুবিন গাৰ্গৰ গোচৰত আদালতত সাক্ষ্য দিয়াৰ অভিযোগ খণ্ডন মানস ৰবীনৰ

“অপ্ৰিয় সত্য হ’লেও অসমত দুমুখীয়া চৰিত্ৰৰ অভাৱ নাই। আজি নামানো বুলি কৈ দুদিন পাছত হেঙেৰাবাৰী অফিচত পদুম ফুলৰ গামোচা পিন্ধা শিল্পীৰে অসম ভৰি পৰিল।” – মানস ৰবীন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গোচৰক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী মানস ৰবীনে। জুবিন গাৰ্গৰ ভুল আছিল বুলি আদালতত সাক্ষ্য দিয়া এগৰাকী শিল্পীৰ কথা মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰাৰ পাছতে এই বিষয়টোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰে মানস ৰবীনে।

শিল্পীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে ” “অসমৰ এজন প্ৰতিষ্ঠিত শিল্পীৰ দুমুখীয়া চৰিত্ৰৰ বাবে অমৃতপ্ৰভাই জামিন পোৱা বুলি ব্যক্ত অৱগত কৰিলে।যাৰ বাবে দিনটো মানুহবোৰ ব্যস্ত হৈ পৰিল এই দুমুখীয়া চৰিত্ৰটো কোন? অপ্ৰিয় সত্য হ’লেও অসমত দুমুখীয়া চৰিত্ৰৰ অভাৱ নাই, কাৰণ আজি নামানো বুলি কৈ দুদিন পাছত হেঙেৰাবাৰী অফিচত পদুম ফুলৰ গামোচা পিন্ধা শিল্পীৰে অসম ভৰি পৰিল। গতিকে, মূখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে তেওঁলোকৰ কথা কোৱা নাই।

গতিকে বিচাৰি বিচাৰি ৰবি শৰ্মাৰ নামটো ওপৰলৈ আহে, তাৰপাছত দেখিলে মোৰ নামটো ওপৰলৈ আহে। সন্ধিয়ালৈ বহুত বিচাৰ – খোচাৰ কৰি এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমত মোৰ নামটো ঘোষণা কৰি দিলে । এতিয়া সংবাদ মাধ্যমৰ যোগেদি বিষয়টো মই নহয় বুলি জনাইছোঁ, মই বিষয়টো খণ্ডন কৰিছোঁ, তাৰপাছত মই প্ৰমাণ হিচাপে কওঁ আদালতত বেলেগ এটা কথা আৰু SIT ত গৈ বেলেগ এটা কথা। গতিকে, অভিযোগ দিবলৈ, আৰু আদালতলৈ মোক আজি পৰ্য্যন্ত মতাই নাই। গতিকে দুটা কথা হোৱাৰ কোনো Chance নাই।”

এইদৰে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সংবাদমেলত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ স্থিতি স্পষ্ট কৰে শিল্পী মানস ৰবীনে ।

News Desk | People’s TV

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button