‘ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে হিমন্ত বিশ্ব শৰ্মাই’ :মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা APCCৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাৰ

ৰাজ্যিক • ১০ নৱেম্বৰ • ২০২৬
‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্ঞানেশ কুমাৰৰ সহযোগত ভোট চোৰ কৰি চৰকাৰ গঠন কৰিছে’
মুখ্যমন্ত্ৰীয়ে য’তেই যি কৈছে তাতেই সিমান ভোট পাইছে
সেইটো সম্ভৱ হব পাৰে নেকি?
‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট চোৰ কৰি চৰকাৰ গঠন কৰিছে’
‘আগন্তক ৫০ বছৰত অসমত কংগ্ৰেছ চৰকাৰ অহাৰ কোনো গেৰান্টি নাই’
‘এজন মুখ্যমন্ত্ৰীয়ে যি মন যায় তাকে কোৱাটো উচিত হয় জানো?’
‘বিধায়কক পাগল বুলি কয় কেনেকুৱা মুখ্যমন্ত্ৰী এইবোৰ?’
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত APCCৰ Media Chairman বেদব্ৰত বৰাৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আগন্তুক ৫০ বছৰত অসমত কংগ্ৰেছ চৰকাৰ গঠনৰ কোনো নিশ্চয়তা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে।
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বেদব্ৰত বৰাই কয় যে এজন মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে যিকোনো মন্তব্য কৰাটো উচিত নহয়। তেওঁ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ যুক্তিযুক্ততাক লৈও প্ৰশ্ন উত্থাপন কৰে।
বেদব্ৰত বৰাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সহযোগত ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে। মুখ্যমন্ত্ৰীয়ে য’তেই যি মন্তব্য কৰিছে, তাতেই সেই অনুসৰি ভোট লাভ কৰাটো সম্ভৱনে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
তেওঁ কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে।”
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে বিধায়কক ‘পাগল’ বুলি সম্বোধন কৰা বিষয়টোক লৈও ক্ষোভ প্ৰকাশ কৰে বেদব্ৰত বৰাই। এজন মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধিৰ প্ৰতি এনে ভাষা ব্যৱহাৰ কৰাটো কিমান সমীচীন, সেই প্ৰশ্নও উত্থাপন কৰে APCCৰ মিডিয়া অধ্যক্ষগৰাকীয়ে।
উল্লেখযোগ্য যে, লাহৰীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে কংগ্ৰেছৰ তৰফৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক বাকযুদ্ধ অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে।
- ৰিহান, সংবাদকৰ্মী
News Desk | People’s TV




